এটা শব্দত প্ৰকাশ কৰা (বাক্য-সংকোচন)
একোটা বাক্যক একোটা শব্দত প্ৰকাশ কৰাকে বাক্য-সংকোচন কৰা বুলি কোৱা হয়। বাক্য-সংকোচনে কথা কোৱা, লিখা আৰু ভাব প্রকাশ কৰাত সহায় কৰে | তলত ইয়াৰ বিষয়ে উল্লেখ কৰা হল-----------
|
যি সঁচা কথা
কয় |
সঁচাকথীয়া,
সত্যবাদী |
|
যি ঘৰত ওপজে |
ঘৰ-ওপজা |
|
যি নগৰত থাকে |
নগৰীয়া |
|
যি গাঁৱত থাকে |
গাঁৱলীয়া |
|
যি বিদেশত থাকে |
প্রবাসী |
|
যি বিদেশৰপৰা আহে |
বিদেশী |
|
যি ভয় নকৰে |
নির্ভীক |
|
আনৰ ভাল দেখিব নোৱাৰা |
চকুচৰহা,
পৰশ্ৰীকাতৰ |
|
একে গুৰুৰ শিষ্য |
হৰিভকত, সতীর্থ |
|
একে শ্রেণীতে পঢ়া |
সহপাঠী |
|
একে মাকৰ সন্তান |
সহোদৰ, সোদৰ |
|
আঁঠুলৈ বৈ পৰা |
আজানুলম্বিত |
|
গোটেই জীৱন জুৰি |
আজীৱন |
|
মাগিলে ভিক্ষা নোপোৱা সময় |
দুর্ভিক্ষ |
|
যিজনে লিখা-পঢ়া নাজানে |
নিৰক্ষৰ |
|
জন্মৰপৰা অন্ধ যি |
জন্মান্ধ |
|
যাৰ মাক মৰিছে |
মাউৰা |
|
যি পুৰুষৰ তিৰোতা
মৰিছে |
বৰলা |
|
যি তিৰোতাৰ পুৰুষ
মৰিছে |
বিধৱা |
|
পুৰুষ (স্বামী) থকা তিৰোতা |
সধৱা, আয়তী |
|
গীত গোৱা পুৰুষ |
গায়ক |
|
গীত গোৱা মহিলা |
গায়িকা |
|
বিহুৰ আগৰ দিনটো |
উৰুকা |
|
দেশৰ বাবে বা মহৎ উদ্দেশ্যৰ
বাবে মৃত্যুবৰণ
কৰা লোক |
শ্বহীদ, ছহিদ |
|
কাৰো নাম নোলোৱাকৈ পৰা গালি |
গুৱালগালি |
|
যি দিনত নেদেখে |
দিনকণা |
|
দুই মাহৰ মাজৰ দিন |
দোমাহী |
|
ঘৰৰ চালৰ পানী পৰা ঠাই |
পানী পচা |
|
দুই ঘৰৰ মাজৰ ঠাই |
দোঘোৰা |
|
কঠীয়া পৰা ঠাই |
কঠীয়াতলী |
|
যি খেতি কৰে |
খেতিয়ক |
|
বুদ্ধি আছে যাৰ |
বুধিয়ক |
|
এবাৰ ফল দি মৰা
গছ |
ওষধি |
|
দুই বছৰৰ মূৰত পোৱালি দিয়া গাই |
দোৰাহী |
|
পনীয়া গাখীৰ দিয়া গাই |
জলাহী |
|
ভেকুলীৰ পোৱালি |
লালুকী |
|
স্মৰণ কৰিবলগীয়া |
স্মৰণীয় |
|
যাক বিশ্বাস কৰিব নোৱাৰি |
অবিশ্বাস্য |
|
যাৰ বিয়া হোৱা নাই |
আবিয়ৈ |
|
যাৰ পুত্ৰ নাই |
অপুত্রক |
|
যাৰ জ্ঞান নাই |
অজ্ঞান |
|
যাৰ চেতনা নাই |
অচেতন, জড় |
|
যাৰ লাজ নাই |
নিলাজ |
|
যাৰ দয়া-মৰম নাই |
নির্দয় |
|
যাৰ সীমা নাই |
অসীম |
|
জিভাৰে চেলেকি চাব পৰা বস্তু |
লেহ্য |
|
যাৰ ঘৰ-বাৰী নাই |
অঘৰী, যাযাবৰ |
|
জলত চৰে বা থাকে যি |
জলচৰ |
|
জল-স্থল দুয়ো ঠাইতে থাকে |
উভচৰ |
|
সন্তান নোহোৱা তিৰোতা |
বাঁজী |
|
যাক এৰাই চলিব নোৱাৰি |
অনিবার্য |
|
জন্তুৰ নিচিনা যি |
জান্তব |
|
যি গৰমো নহয় ঠাণ্ডাও নহয় |
কুহুমীয়া |
|
যি বতৰ শীতো
নহয় উষ্ণও নহয় |
নাতিশীতোষ্ণ |
|
মৰণ পর্যন্ত |
আমৰণ |
|
যি ফল কেঁচাও
নহয় পকাও নহয় |
ডাহেচীয়া |
|
ডেকাও নহয় বুঢ়াও নহয় |
আদহীয়া |
|
মাৰ ভনীয়েক |
মাহী |
|
দেউতাৰ ভনীয়েক |
পেহী |
|
মাৰ ভায়েক |
মামা, মোমাই |
|
দেউতাৰ ভায়েক |
খুড়া |
|
দেউতাৰ ককায়েক |
জেঠা,
বৰদেউতা |
|
মাৰ বায়েক |
জেঠী, জেঠাই |
|
এজন পুৰুষৰ একাধিক পত্নীৰ মাজৰ সম্পর্ক |
সতিনী |
|
মাৰ সতিনীয়েক |
বিমাতা, মাহীমা |
|
মাক-দেউতাকৰ আদৰৰ সন্তান |
আলাসৰ লাৰু |
|
কঁঠালৰ সৰু কলি |
মুচি |
|
গৰৈ মাছৰ সৰু |
গৰৈচিৰিকা |
|
কাৱৈ মাছৰ সৰু |
কাৱৈচোকোৰা |
|
বৰালি মাছৰ সৰু |
বৰালিলেটা |
|
ৰৌ মাছৰ সৰু |
বৌমণি |
|
ভকুৱা মাছৰ সৰু |
ভকুৱাটেপা |
|
শ'ল মাছৰ
সৰু |
শ'লঠাৰি |
|
মাগুৰ মাছৰ সৰু |
মাগুৰজালি |
|
মাছৰ পোৱালি |
পোনা |
|
গৰুৰ পোৱালি |
দামুৰি |
|
দাঁত ওলোৱা হাতী |
দঁতাল |
|
তিয়হৰ সৰু |
তিয়হজালি |
|
দিনো নহয় ৰাতিও নহয় |
সন্ধ্যা, সন্ধিয়া |
|
দিনটোৰ মাজৰ সময় |
দুপৰীয়া |
|
যি মিছা কথা
কয় |
মিছলীয়া |
|
গৃহস্থৰ অজ্ঞাতে বস্তু নিয়ে যি |
চোৰ |
|
যি এটা চকুৰে
নেদেখে |
কণা |
|
যি দুয়োটা চকুৰে
নেদেখে |
অন্ধ |
|
যি কথা ক'ব নোৱাৰে |
বোবা (মুক) |
|
যি কাণেৰে নুশুনে |
কলা, বধিৰ |
|
পোৱালি দিবৰ বয়স নোহোৱা মাইকী গৰু |
কাঢ়লী |
|
যি লিখা-পঢ়া
জানে |
সাক্ষৰ |
|
যাক সহজে পোৱা যায় |
সুলভ |
|
যাক সহজে পোৱা নাযায় |
দুর্লভ |
.jpg)